ডাউনলোড
মোবাইল এপ

android apple
signal

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকী উপলক্ষে সোমবাৰৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকী উপলক্ষে সোমবাৰৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমবাৰে শিল্পীগৰাকীৰ জন্ম দিন উপলক্ষে জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱা ৯ বজাৰ পৰা হবলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্রাপ্ত ৩৩খন জিলা সাহিত্য সভা আৰু এহেজাৰখন শাখা সাহিত্য সভাৰ জৰিয়তে কাইলৈৰ পৰা কাৰ্যসূচী অনুষ্ঠিত কৰিব। ইয়াৰ উপৰি দেশে বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি সভাই গুৱাহাটী কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে।
তেওঁ কয় যে অসম সাহিত্য সভাৰ উদ্যোগত আৰু ওদালগুৰি জিলাৰ শ্ৰীশ্ৰীগোবিন্দ মিশ্ৰ শতদল শাখা সাহিত্য সভাৰ সহযোগত কাইলৈ আৰু পৰহিলৈ শিল্পীগৰাকীৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পুৱাৰ ভাগত বন্তি প্ৰজলন, গছপুলি ৰোপণ, গ্ৰন্থ বিপনী মুকলি, ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া শিল্পীগৰাকীৰ স্মৃতিত এশ গছি বন্তি প্ৰজলন কৰা হ’ব। পৰহিলৈ ড° ভূপেন হাজৰিকাৰ প্ৰতিকৃতি অংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। এই শোভাযাত্ৰাত শিল্পী, সাহিত্যিকে অংশগ্ৰহণ কৰিব। গুৱাহাটী মহানগৰীতো শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি পুৱা জালুকবাৰী ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা এটা চাইকেল সমদল উলিওৱা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই এই সমদল মুকলি কৰে। আজি পুৱাৰ ভাগত গুৱাহাটীৰ গণেশ মন্দিৰ প্ৰাঙ্গনত ভূপেন হাজৰিকাৰ গীতৰ এখন কৰ্মশালা মুকলি কৰা হয়। কর্মশালাখন শিল্পী কমল কটকীয়ে মুকলি কৰে। ইপিনে, কিংবদন্তি শিল্পীগৰাকীৰ জীৱনক লৈ নিৰ্মাণ কৰা ভূপেন দা আনকাট নামৰ এখন তথ্যচিত্ৰ আজি গুৱাহাটীৰ অনুৰাধা চিত্রগৃহত প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীত শিল্পীগৰাকীৰ পুত্ৰ তেজ হাজৰিকাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাই সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে বছৰজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ ৰাজ্যৰ প্ৰতিখন জিলা সদৰত পুৱাৰ ভাগত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত এশ গৰাকীকৈ শিল্পীয়ে মানুহে মানুহৰ বাবে গীতটি পৰিবেশন কৰি শ্ৰদ্ধাঞ্জলি জনাব। একেদৰে দিঘলীপুখুৰী পাৰত উদ্দীপনা শীর্ষক অনুষ্ঠানৰ আযোজন কৰা হৈছে। ড০ ভূপেন হাজৰিকাৰ জন্ম শত বার্ষিকীৰ সৈতে সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাই এখন স্মাৰক গ্ৰন্থইও প্ৰকাশ কৰিব। তদুপৰি মুকলি কুইজ আৰু ৰং তুলিকাৰ এটা দিন শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে আজি সন্ধিয়া চাৰে সাত বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই অটো ৰিক্সা চলাও আমি দুয়ো ভাই শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিব।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাতশিঙিমাৰীটো শিল্পীগৰাকীৰ জন্ম শতবর্ষ উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি আৰম্ভণি কাৰ্যসূচীত সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজলন আৰু পতাকা উত্তোলন কৰা হয় ।
ইপিনে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি ড° অমৰজ্যোতি চৌধুৰী ৰচিত মৃত্যু জিনাৰ গান কবিতাটি সমুহীয়াভাৱে আবৃত্তিৰ কাৰ্যসূচী লোৱা হয়। আজি মঙলদৈৰ জিলা পুথিভড়াল প্রেক্ষাগৃহতো এই অনুষ্ঠানৰ আয়োজন কৰা হয়। কাইলৈ শিল্পীগৰাকীৰ জন্ম দিন উপলক্ষে চাৰি শতাধিক নবীন প্রবীন আবৃত্তিকাৰে কবিতাটি আবৃত্তি কৰিব। গোৱালপাৰা মহাবিদ্যালয়তো আজি এই আবৃত্তিৰ আয়োজন কৰা হয়। কাইলৈ ডেৰ শতাধিক আবৃত্তিকাৰে এই কবিতাটি পৰিবেশন কৰিব। ডিব্ৰুগড় জিলাত আজি বহু শিল্পীয়ে ড° অমৰজ্যোতি চৌধুৰী ৰচিত মৃত্যু জিনাৰ গান শীৰ্ষক কবিতাটি সমস্বৰে আবৃত্তি কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। মাজুলি সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।
জিলাখনত আজি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত চাইকেল সমদলৰ আয়োজন কৰা হয়। সেউজ আৰু স্বাস্থ্যকৰ পৰিবেশ গঢ়ি তোলাৰ বাৰ্তা দিয়াৰ বাবে আয়োজন কৰা এই সমদল মন্ত্ৰী প্ৰশান্ত ফুকনে পতাকা জোকাৰি শুভাৰম্ভ কৰে। অনুষ্ঠানত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উপ সভানেত্রী শিল্পী মণিষা হাজৰিকা উপস্থিত থাকে। ধেমাজী জিলাতো আজি ৩ শতাধিক আবৃত্তিকাৰে মৃত্যু জিনাৰ গান শীৰ্ষক কবিতাটি সমস্বৰে আবৃত্তি কৰি সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।