বিশ্বনাথ জিলা প্রশাসনৰ কাইলৈ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ

বিশ্বনাথ জিলা প্রশাসনে কাইলৈ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ চলাব। উচ্ছেদ অভিযানৰ বাবে আৰক্ষী প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে অঞ্চলটোত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰু অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ কৈছিল। অঞ্চলটোৰ পৰা অধিকাংশ লোক আঁতৰি গৈছে। জিলাখনত অবৈধ দখলকাৰীৰ কবলত ৫৬ হাজাৰ বিঘা চৰকাৰী ভূমি আছে। ইয়াৰে ভিতৰত বিশ্বনাথ ৰাজহ চক্ৰতে প্ৰায় ৪৪ হাজাৰ বিঘা ভূমি আছে।