ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 3, 2025 9:00 PM | Snake bite

printer

বিশ্বনাথ জিলা চিকিৎসালয়ৰ ২০২৩ বৰ্ষৰ পৰা ৫০০ৰো অধিক সৰ্প দংশনৰ ৰোগীক সুস্থ কৰিবলৈ সমৰ্থ

বিশ্বনাথ জিলা চিকিৎসালয়ে ২০২৩ বৰ্ষৰ পৰা এই পর্যন্ত ৫০০ৰো অধিক সৰ্প দংশনৰ ৰোগীক চিকিৎসা প্ৰদান কৰি সুস্থ কৰিবলৈ সমৰ্থ হৈছে। সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত বিশ্বনাথ জিলা দ্বিতীয় শীৰ্ষস্থানত উপনীত হৈছে। এই উপলক্ষে আজি সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে দুষ্প্ৰাপ্য নাগচম্পাৰ এটি গছপুলি জিলা চিকিৎসালয়ক উপহাৰ দিয়ে। জিলা চিকিৎসালয় কৰ্তৃপক্ষই সকলোৰে উপস্থিতিত গছপুলিটো ৰোপন কৰে। অনুষ্ঠানত বিশ্বনাথ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যোগেন্দ্র চন্দ্র বে’, জিলা চিকিৎসালয় অধীক্ষক ডাঃ ৰিপন চেতিয়াকে বহুকেইজন লোক উপস্থিত থাকে।