বিশ্বনাথ জিলাৰ গহপুৰত সংঘটিত ডকাইতি ঘটনাৰ সৈতে জড়িত ২ জন লোকক গ্ৰেপ্তাৰ

বিশ্বনাথ জিলাৰ গহপুৰত সংঘটিত ডকাইতি ঘটনাৰ সৈতে জড়িত ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ১৭ নৱেম্বৰত গহপুৰৰ পুৰুপবাৰীৰ এটা পেট্রল পাম্পৰ মেনেজাৰৰ ৰৈ থকা বাহনৰ পৰা অজ্ঞাত দুস্কৃতিকাৰীয়ে আঢ়ৈ লাখতকৈ অধিক টকা ডকাইতি কৰিছিল। গহপুৰ আৰক্ষীয়ে ধেমাজী আৰক্ষীৰ সহযোগত অভিযান চলাই কালি বহিঃৰাজ্যৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। দুস্কৃতিকাৰীয়ে ডকাইতৰ সময়ত ব্যৱহাৰ কৰা এখন দুচকীয়া বাহনো উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে লগতে গাড়ীৰ গ্লাছ ভাঙিবৰ বাবে ব্যৱহাৰ কৰা সামগ্রীও জব্দ কৰে। বিশ্বনাথ আৰক্ষীৰ অন্তৰ্গত গহপুৰ আৰক্ষী থানাত দুয়োজন লোকৰ জেৰা অব্যাহত আছে। গ্ৰেপ্তাৰ হোৱা লোক দুজন বিহাৰৰ বিৰাজ দাস আৰু কিংকু গোৱালা বুলি চিনাক্ত কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।