ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশ্বনাথ জিলাৰ কাজিৰঙাৰ প’ল’কটা টাপুত বন বিভাগৰ এটা বাঘৰ মৃতদেহ উদ্ধাৰ

বিশ্বনাথ জিলাৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ প’ল’কটা টাপুত বন বিভাগে আজি এটা বাঘৰ মৃতদেহ উদ্ধাৰ কৰে। বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ ফেৰেংগাদাও কেম্পৰ বনকৰ্মীয়ে প্ৰথমে মৃত বাঘটো প্ৰত্যক্ষ কৰে আৰু পৰৱৰ্তী সময়ত পশু চিকিৎসকৰ দল উপস্থিত হৈ বাঘটোৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰে। বাঘটোৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত এন টি চি এৰ গাইডলাইন অনুসৰি বন বিভাগে বাঘটোৰ মৃতদেহ দাহন কৰে। দুবছৰীয়া বাঘটো আন জন্তুৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি চিকিৎসকে সন্দেহ প্রকাশ কৰিছে। অৱশ্যে ফৰেনচিকৰ দলে পৰীক্ষা কৰাৰ পাছতহে বাঘটোৰ মৃত্যুৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি বিশ্বনাথৰ চেণ্ট্ৰেল ৰেঞ্জৰ বন বিষয়া নয়নজ্যোতি গগৈয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।