December 27, 2025 12:56 PM | Biswanath Teacher join

printer

বিশ্বনাথ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্রীক যোগদানৰ নিৰ্দেশ

বিশ্বনাথ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ১৪৪ গৰাকী স্নাতক আৰু ৩৪ গৰাকী স্নাতকোত্তৰ শিক্ষক-শিক্ষয়িত্রীক সংশ্লিষ্ট শিক্ষানুষ্ঠানত যোগদানৰ নিৰ্দেশপত্র কালি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। বিশ্বনাথ জিলা পৰিষদৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই নির্দেশ পত্ৰসমূহ বিতৰণ কৰে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰ, বিদ্যালয় পৰিদৰ্শক প্রভাত দাস, আৰু শিক্ষা বিভাগ তথা জিলা প্রশাসনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। জিলা আয়ুক্ত শ্রী চহৰীয়াই সকলোকে সেৱাৰ মনোবৃত্তি, যোগাত্মক দৃষ্টিভংগী আৰু গুণগত শিক্ষাৰ জৰিয়তে জিলাখনৰ শৈক্ষিক মান উন্নত কৰিবলৈ আহ্বান জনায়। গোলাঘাট জিলা সাহিত্য সভাৰ নৱম বার্ষিক অধিবেশনখন অংকুৰণ শাখা সাহিত্য সভাৰ আতিথ্যত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। বোকাখাতৰ ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনত আয়োজন কৰা অধিৱেশনৰ আজি গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰাই পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভকৰাৰ পাছতেই উপ-সভাপতি মুহিবাম লয়িঙে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণি কৰিব। পুৱা চাৰে দহ বজাত কার্য নির্বাহক সভা আৰু তাৰ পাছতেই বিয়লি দুই বজাত প্রতিনিধি সভা অনুষ্ঠিত হ’ব। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতেই আজীবন সভ্যৰ সম্মিলন, মুকলি সভা আৰু স্মৃতিগ্রন্থ উন্মোচন কৰা হ’ব। দিনৰ ১২ বজাত আয়োজিত মুকলি সভাখন মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰাৰ কথা।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।