ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ পাভৈত পঞ্চম অসম কমাণ্ডো বেটেলিয়নৰ শিবিৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ পাভৈত পঞ্চম অসম কমাণ্ডো বেটেলিয়নৰ শিবিৰ মুকলি কৰে। ২০২২ চনত মুখ্যমন্ত্ৰীয়ে এই শিবিৰৰ আধাৰশিলা স্থাপন কৰিছিল। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নক অধিক সক্ৰিয় কৰিবলৈ ৰাজ্যৰ পাঁচখন জিলাত এনেধৰণৰ শিবিৰ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তমর্মে বিশ্বনাথ জিলাত এই শিবিৰ মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ৪০০ গৰাকী বেটেলিয়ন থাকিব পৰাকৈ এই অত্যাধুনিক শিবিৰটোত ভালেমান সা-সুবিধা ৰখা হৈছে। ২১৮ বিঘা ভূমিত ১৭৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই শিবিৰত হেলিপেড, পেৰেড গ্রাউণ্ড, সমূহীয়া কেন্দ্ৰ, কম্পিউটাৰ লেব, বিদ্যালয়, চিকিৎসালয়, শুটিং ৰেঞ্জ আৰু অগ্নিনির্বাপনৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰ আগেয়ে ড০ শৰ্মাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে বিশ্বনাথ জিলাৰ ৩৮ হাজাৰ হিতাধিকাৰিলৈ ১০ হাজাৰ টকাকৈ চেকযোগে বিতৰণ কৰে। বিশ্বনাথ সমষ্টিৰ প্ৰায় ৩৫ হাজাৰ গৰাকী আৰু বিহালী সমষ্টিৰ ৩ হাজাৰ গৰাকী গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ হিতাধিকাৰীক এই চেক বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰে মহিলাসকলৰ উদ্যমিতা বিকাশৰ বাবে এই আঁচনিৰ জৰিয়তে ৩ হাজাৰ ৩৮ কোটি টকা ব্যয়ৰ লক্ষ্য লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।