কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰকো নেওচি আজি এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপ সমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হ’ব। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি-নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰিবলৈ লোৱা হৈছে। ধুবুৰী জিলাত আজি উলহ-মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাসীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল-কাৰখানা, ব্যক্তিগত প্রতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হ’ব। এই উপলক্ষে সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। নলবাৰী জিলাৰো বাছ আস্থান, গেৰেজ, কল-কাৰখানা আৰু বিভিন্ন প্ৰতিষ্ঠানত আড়ম্বৰপূৰ্ণভাৱে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যোগ, ছপাশাল, ব্যৱসায়িক প্রতিষ্ঠান, কার্যালয়, বাছ আস্থান, গেৰেজ আদিত আজি পুৱাৰে পৰা বিশ্বকৰ্মা পূজা উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।
Site Admin | September 17, 2025 11:57 AM | Biswakarma Puja
বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন
