বিশেষ সংশোধিত খচৰা ভোটাৰ তালিকা অনুসৰি অসমত ১০ লাখ ৫৫ হাজাৰ ১৪০ জন ভোটাৰৰ নাম তালিকাত নতুনকৈ অন্তর্ভুক্ত

ৰাজ্যত কালি প্রকাশিত বিশেষ সংশোধিত খচৰা ভোটাৰ তালিকা অনুসৰি ১০ লাখ ৫৫ হাজাৰ ১৪০ জন ভোটাৰৰ নাম তালিকাত নতুনকৈ অন্তর্ভুক্ত হৈছে। আনহাতে ১০ লাখ ৫৬ হাজাৰ ২৯১জন ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে এই সংশোধনী প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ সৰ্বমুঠ ২ কোটি ৫২ লাখ ২৭৭৫ গৰাকী আৰু ডি-ভোটাৰ ৫৩০ ২১ জন। খচৰা তালিকা অনুসৰি ইতিমধ্যে মৃত্যু হোৱাৰ ৪ লাখ ৭৮৯৯২ জন ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। বাসস্থান সলনি কৰা ৫ লাখ ২৩৬৬০ জন ভোটদাতাক চিনাক্ত কৰাৰ লগতে কেইবাটাও স্থানত নাম থকা ৫৩ ৬১৯ জন ভোটদাতাক চিনাক্ত কৰা হৈছে।

এই তালিকা সন্দৰ্ভত ৰাইজে অহা ২২ জানুৱাৰী পর্যন্ত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ’ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ’ব।

কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি কালি ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয়। খচৰা তালিকা অনুসৰি কামৰূপ মহানগৰ জিলাত ১.৬৩ শতাংশ ভোটদাতা বৃদ্ধি হোৱাৰ লগতে ১০৫টা অতিৰিক্ত ভোটগ্রহণ কেন্দ্ৰ সংযোজনৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ধেমাজি জিলাত কালি তিনিটা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ খচৰা আনুষ্ঠানিকভাবে প্ৰকাশ কৰা হয়।

কাছাৰ জিলাতো ৭টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ খচৰা কালি আনুষ্ঠানিকভাবে প্ৰকাশ কৰা হয়। মাজুলী জিলাতো খছৰা ভোটাৰ তালিকা প্রকাশ সন্দৰ্ভত জিলা আয়ুক্তৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। শিৱসাগৰ জিলাত ৩টা বিধানসভা সমষ্টিৰ ৫ লাখ ৭২২১৯ গৰাকী ভোটদাতা সামৰি খছৰা তালিকা প্ৰকাশ কৰা হয়। একেদৰে ডিব্ৰুগড় জিলাত ২০২৬ বৰ্ষৰ ১ জানুৱাৰী ভিত্তিবর্ষ হিচাপে লৈ ১০ লাখ ৪৩৬৭৯ গৰাকী ভোটদাতা সামৰি খছৰা তালিকা প্রকাশ কৰা হয়। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৩ টা বিধানসভা সমষ্টিৰ বাবে ৫ লাখ ৪০০ ৮৮ গৰাকী ভোটদাতা সামৰি খছৰা তালিকা প্রকাশ কৰা হয়। শ্রীভূমি জিলাত প্ৰকাশ কৰা খছৰা তালিকা অনুসৰি ৯ লাখ ৭১৯১৬ গৰাকী ভোটদাতা আছে। যোৰহাট জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ বাবে খছৰা তালিকা প্রকাশ কৰা হয়। এই তালিকা সন্দর্ভত জিলা আয়ুক্তই কালি এখন সংবাদমেল সম্বোধন কৰে। লখিমপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি কালি প্রকাশিত তালিকাত ৮ লাখ ৬৪০০২গৰাকী ভোটদাতাক সন্নিবিষ্ট কৰা হৈছে।

বাক্সা জিলাত ৪ লাখ ৮ ৭৪৯ গৰাকী আৰু বঙাইগাওঁ জিলাত ৩টা সমষ্টিৰ বাবে ৫ লাখ ৮৩১২৮ গৰাকী ভোটদাতাৰ নাম খছৰা তালিকাত সন্নিবিষ্ট কৰা হয়। গোৱালপাৰা জিলাত কালি প্রকাশিত তালিকা অনুসৰি ৮ লাখ ২৪৪৩ গৰাকী ভোটদাতাক সামৰি লোৱা হৈছে।