জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ বাবে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সদস্যই আগশাৰীৰ অধিবক্তা লৈ বিশেষ দল গঠন কৰাৰ লগতে বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রীক পত্রযোগে আবেদন জনাইছে। এই পত্রত অভিযুক্তসকলৰ প্ৰতিজনে নিজৰ সুৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ খ্যাতিসম্পন্ন আৰু অভিজ্ঞ অধিবক্তাক সুকীয়াকৈ নিয়োগ কৰাৰ বিষয়ে উল্লেখ কৰি জুবিন গার্গে ন্যায় পাব পৰাকৈ চৰকাৰী পক্ষতো এটা শক্তিশালী অধিবক্তাৰ দল থকাৰ প্ৰয়োজন বুলি উল্লেখ কৰে। তেওঁলোকে লগতে ন্যায় প্রক্রিয়া ক্ষিপ্ৰতৰ কৰিবলৈ বিশেষ আদালত গঠনৰ পোষকতা কৰে।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত পৰহিলৈ অৰ্থাৎ ৯ জানুৱাৰীত হ’বলগীয়া ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। কালি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই বৈঠকৰ পাছতে গোচৰটো বিশেষ আদালতত বিচাৰৰ বাবে দিয়া হ’বনে নহয়, সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব।