বিশেষভাৱে সক্ষম লোকসকলৰ সহায় হোৱাকৈ ভাৰতীয় সাংকেতিক ভাষাৰ শব্দকোষত প্ৰায় ২,৫০০ নতুন শব্দ সংযোজন

বিশেষভাৱে সক্ষম লোকসকলৰ সহায় হোৱাকৈ ভাৰতীয় সাংকেতিক ভাষাৰ শব্দকোষত গণিত, বিজ্ঞান আৰু অন্যান্য শৈক্ষিক ক্ষেত্ৰসমূহৰ বিভিন্ন বিষয়বস্তু সামৰি প্ৰায় ২,৫০০ নতুন শব্দ সংযোজন কৰা হৈছে প্রতিবন্ধী ব্যক্তি সৱলীকৰণ বিভাগৰ অধীনস্থ ভাৰতীয় সাংকেতিক ভাষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰই ৪ টা অন্যান্য সহযোগী সংস্থাৰ সহায় লৈ এই নতুন শব্দৰাজি সাংকেতিক শব্দকোষত সংযোজন কৰিছে। ২০১৮ চনত আন্তৰাষ্ট্ৰীয় বধিৰ সপ্তাহৰ অংশস্বৰূপে উন্মোচনৰ পাছৰ পৰাই সাংকেতিক ভাষাৰ এই শব্দকোষে মুকবধিৰ আৰু অন্যান্য শ্রৱনেন্দ্ৰীয়ৰ ক্ষেত্ৰত সীমাবদ্ধতা থকা শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ কাম কৰি আহিছে। উল্লেখযোগ্য যে বিশ্বজুৰি ৭ কোটিতকৈ অধিক মুকবধিৰ লোক আছে আৰু ইয়াৰে ৮০ শতাংশতকৈ অধিক লোকে উন্নয়নশীল দেশসমূহত বাস কৰে। ভাৰতৰ দৰে উন্নয়নশীল দেশত ৩০০ ৰো অধিক সাংকেতিক ভাষাৰ ব্যৱহাৰ হয়। উল্লেখযোগ্য যে সাংকেতিক ভাষা শব্দকোষ ষষ্ঠ স্তৰৰ শ্ৰৱণ ক্ষমতাহীন শিশুসকলক উদ্দেশ্যি প্ৰস্তুত কৰি উলিওৱা হৈছে। এই শব্দকোষৰ সৈতে সন্নিবিষ্ট ধাৰণাত্মক দৃশ্য-শ্ৰব্য সঁজুলিসমূহে গণিত আৰু বিজ্ঞানৰ দৰে বিষয়সমূহৰ বাখ্যা প্ৰদান কৰাৰ লগতে নীতি শিক্ষামূলক পাঠো প্ৰদান কৰে। এইসমূহৰ লগত ১০ টা আঞ্চলিক ভাষাও সন্নিবিষ্ট কৰা হৈছে।