ডাউনলোড
মোবাইল এপ

android apple
signal

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ আজি পুৱা তেওঁৰ নলবাৰী বাসভৱনত ৮৩ বছৰ বয়সত মৃত্যু হয়। অসম সাহিত্য সভাই সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত কৰা সাহিত্যিকগৰাকী যোৱা দুবছৰ ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ চিকিৎ‍সাধীন হৈ আছিল। নলবাৰী জিলা সাহিত্য সভাই নলবাৰী ৰত্ন সন্মান আগবঢ়োৱা ড০ ভট্টাচাৰ্যই ১৯৬৭ চনত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত তেওঁ নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু বিভাগটোৰ মুৰববী অধ্যাপক হিচাপে অৱসৰ লয়। প্ৰাগজ্যোতিষ মহাবিদ্যালয়তো অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়োৱা ড০ ভট্টাচাৰ্যই ১৯৯৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লোক সংস্কৃতি গৱেষণা বিভাগৰ তত্বাৱধায়ক হিচাপে স্বীকৃতি লাভ কৰে। তেওঁৰ অধীনত ১৫ গৰাকী গৱেষক শিক্ষার্থীয়ে গৱেষণা সম্পন্ন কৰি ডিগ্ৰী লাভ কৰিছে। শতাধিক গ্ৰন্থ ৰচনা কৰা ড০ ভট্টাচাৰ্যৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।