ডাউনলোড
মোবাইল এপ

android apple
signal

বিশিষ্ট সাহিত্যিক, চলচ্চিত্র পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পূণ্য তিথি উপলক্ষে ৰাজ্যবাসীৰ শ্রদ্ধা নিবেদন

বিশিষ্ট সাহিত্যিক, চলচ্চিত্র পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পূণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী আৰু সুবক্তা চৌধুৰীয়ে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯৬৭ চনত অসম বিধানসভালৈ নিৰ্বাচিত চৌধুৰীয়ে ১৯৭৮ চনত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাজ্যৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত জাগৰণৰ সূচনা কৰাত অগ্রণী ভূমিকা লোৱা চৌধুৰী শৈশৱৰে পৰা নাট্যাভিনয়ৰ সৈতে জড়িত আছিল। কেইবাখনো নাটক ৰচনা কৰা লক্ষ্যধৰ চৌধুৰীয়ে একলব্য, নিমিলা অংক, ঠিকনা ইত্যাদি নাট্য সংকলন অনুভৱ, মানুহ বিচাৰিকে ধৰি কেইবাখনো গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। অসম সাহিত্য সভাৰ গোৰেশ্বৰ অধিৱেশনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা চৌধুৰীয়ে ১৯৫৫ চনত মুক্তিপ্রাপ্ত নিমিলা অংক আৰু ১৯৪৭ চনত মুক্তিলাভ কৰা বদন বৰফুকন চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৬১ চনত মুক্তিলাভ কৰা লাচিত বৰফুকন চলচ্চিত্ৰখন তেওঁ প্ৰবীণ ফুকনৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰিছিল। নিমিলা অংক ছবিখনো তেওঁ পৰিচালনা কৰিছিল। ৰসিকতা আৰু বাগ্মিতা গুণৰ বাবে অগণন লোকৰ প্রিয়ভাজন হোৱা চৌধুৰীৰ পূণ্য তিথিত আজি বহুলোকে শ্রদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি তেওঁৰ মৃত্যু তিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰি দিয়া এটা বাৰ্তাত অসমৰ সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনত লক্ষ্যধৰ চৌধুৰীৰ অৱদান অনন্য বুলি অভিহিত কৰে। তেওঁৰ বহুমুখী প্রতিভাই অসমৰ কেইবাটাও ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই গৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।