ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 20, 2024 12:13 PM | Imran Shah | Sivasagar

printer

বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহলৈ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মাতৃভাষা বঁটা ২০২৪

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক আজি মাতৃভাষা বঁটা ২০২৪ প্ৰদান কৰা হ’ব। শিৱসাগৰ নগৰৰ সমীপৰ ধাইআলিত থকা ইমৰান শ্বাহৰ বাসগৃহত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব। যোৱা ৬ অক্টোবৰত মঙলদৈত অনুষ্ঠিত শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত সফলতাৰে অনুষ্ঠিত হৈ যোৱা সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা দিৱসত লোৱা সিদ্ধান্তমর্মে ইমৰান শ্বাহক এই বঁটা প্ৰদান কৰা হ’ব বুলি অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে জানিবলৈ দিছে।