January 1, 2026 7:37 PM | Natun Dinor Aaalaap

printer

বিশিষ্ট সাংবাদিকসকলৰে ‘নতুন দিনৰ আলাপ” শীৰ্ষক সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলীৰে নিৰ্মাণ হ’বলগীয়া চাৰিলেনযুক্ত টুইন টিউব টানেলটোত দুটা লেনযুক্ত ৰে’লপথ সংযোজন কৰাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে ‘নতুন দিনৰ আলাপ” শীৰ্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া পৰামৰ্শ অনুযায়ী অর্থনৈতিক পৰিক্ৰমা বিষয়ক মন্ত্রীসভা সমিতিয়ে এই টানেলটোত ৰে’লপথ সংযোগ কৰাৰ সিদ্ধান্ত লৈছে। ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰথমটো নদী সুৰংগ নিৰ্মাণ হৈ উঠিলে নুমলীগড়ৰৰ পৰা গহপুৰৰ মাজৰ ২৪০ কিলোমিটাৰ দৈৰ্ঘ্য কেৱল ৩৫ কিলোমিটাৰ হ’বগৈ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
এখন আন্দোলন আৰু সন্ত্ৰাসজৰ্জৰ ৰাজ্যৰ পৰা যোৱা ৫টা বছৰত অসমৰ ছবি দেশৰ দ্ৰুত বিকশিত ৰাজ্যলৈ পৰিণত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে ২০২০ৰ পৰা ২০২৫ চনলৈ অসমৰ ৪৫ শতাংশ বিকাশ হৈছে। তেওঁ কয়, যে ৰাজ্যখনত জনমূৰি আয় ৫৪ শতাংশ বৃদ্ধি পোৱাৰ লগতে বিগত সময়ছোৱাত ৰাজহো ৫৩ শতাংশ হাৰত বৃদ্ধি পাইছে।
মুখ্যমন্ত্রীয়ে কয়, যে কেন্দ্রীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ পাছতেই অসমে দেশৰ প্ৰথম ৰাজ্য হিচাপে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰিব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ নেতৃত্বত গঠন হ’বলগীয়া এই দৰমহা আয়োগ সম্পৰ্কত জানুৱাৰীৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰি কৰে।
সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰত অসমে উল্লেখনীয় অগ্রগতি লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে পৰৱৰ্তী ডেৰ মাহৰ ভিতৰতে ৰাজ্যখনত অতিৰিক্ত ৩৫০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰা হ’ব আৰু ইয়াক গ্ৰীড়ত সংযুক্ত কৰা হ’ব। শক্তি উৎপাদনৰ অভিনৱ কৌশল হিচাপে ৰাজ্যখনৰ পাঁচখন ওখ স্থানত জলাধাৰ নিৰ্মাণ কৰা হ’ব। দিনৰ ভাগত সৌৰশক্তিচালিত পাম্পেৰে জলৰাশি উত্তোলন কৰি নিশাৰ ভাগত এই জলৰাশিৰে টার্বাইনৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদনৰ এটা অভিনৱ আঁচনিৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে আজি সদৰি কৰে।
নতুন বছৰটোত চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকললৈ প্ৰদান কৰিবলগীয়া সুবিধাসমূহৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভিতৰতে চৰকাৰী খণ্ডত অসমত প্ৰথমটো কৰ্কট ৰোগৰ প্রটন থেৰাপী মেচিন স্থাপন কৰা হ’ব। কোভিদ কালত অসমৰ ৰাইজৰ দান-বৰঙণিৰ পৰা সংগৃহীত ৫০ কোটি টকাৰ লগতে ৰাজহুৱা খণ্ডৰ কেইবাটাও প্ৰতিষ্ঠানৰ সামাজিক সাহায্য পুঁজিৰ পৰা লাভ কৰা ৫০ কোটি টকাসহ অসম চৰকাৰে আবণ্টন কৰা পুঁজিৰে মুঠ ৫০০ কোটি টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক চিকিৎসা প্রকল্প স্থাপন কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকললৈ ৮ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে। ড০ শৰ্মাই লগতে কয়, যে বছৰি ৪ লাখ টকাতকৈ কম উপার্জন কৰা পৰিয়ালৰ ছাত্ৰৰ সুবিধাৰ্থে বাবু আঁচনিৰ জৰিয়তে স্নাতকোত্তৰ ছাত্ৰক ২ হাজাৰ আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰলৈ এহেজাৰ টকাকৈ প্ৰদান কৰা হ’ব।
ৰাজ্যৰ শিক্ষাখণ্ডত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ভালেখিনি কম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, যে উচ্চ মাধ্যমিকত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ পূৰ্বৰ ৩০ শতাংশৰ পৰা বৰ্তমান ১৭ দশমিক ৫ শতাংশলৈ হ্ৰাস পাইছে।
ড০ শৰ্মাই কয়, যে ছুইজাৰলেণ্ডৰ ডাভ’ছত হ’বলগীয়া বিশ্ব অর্থনৈতিক মঞ্চত এইবাৰ দেশৰ উন্নত দুখন ৰাজ্য মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে অসমক পোনপ্ৰথমবাৰৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। এয়া অসমৰ বাবে পৰম গৌৰৱৰ বিষয় বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে তেওঁ অংশগ্ৰহণ কৰিবলগীয়া এই শীর্ষ অর্থনৈতিক মঞ্চত অসমত বিনিয়োগৰ সম্ভাৱনা সবলভাৱে উত্থাপন কৰাৰ সুযোগ পাব বুলি মন্তব্য কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ১৭ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাত এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব বুলি সংবাদমেলত ঘোষণা কৰে। শ্ৰীমোদীয়ে ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ পৰা গেলেফুলৈ নতুন ৰে’লপথৰ আধাৰশিলা স্থাপন কৰিব বুলি ড° শৰ্মাই প্ৰকাশ কৰে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।