● অসমীয়া সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। নৱগ্ৰহ শ্মশানত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ৭৯ বছৰত দেহাৱসান ঘটা শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিলীপ শইকীয়াই ৰাজ্যৰ সংগীত জগতলৈ শিল্পীগৰাকীৰ অৱদানৰ কথা এইদৰে স্মৰণ কৰে।
ইয়াৰ পূৰ্বে গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত গুণমুগ্ধসকলে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰে। মন্ত্রী বিমল বৰাই প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত সমৰ হাজৰিকাক ৰাজ্য চৰকাৰে মৰণোত্তৰভাৱে শিল্পী বঁটা প্ৰদান কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। পাছত তেওঁৰ নশ্বৰ দেহ আকাশবাণী গুৱাহাটীৰ চৌহদলৈ অনা হয়। উল্লেখযোগ্য যে, ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাজৰিকাই অসমীয়া লোক জীৱনৰ সুখ-দুখ, আশা-আকাংক্ষাক সুৰৰ মাধুৰ্যৰে জনসাধাৰণৰ হৃদয়লৈ লৈ গৈছিল। লোকসংগীত, আধুনিক গীত আৰু সাংস্কৃতিক চেতনাৰে সমৃদ্ধ হাজৰিকাৰ সৃষ্টিসমূহ অসমীয়া সংগীত জগতৰ অমূল্য সম্পদ। তেওঁ উপপথ, বোৱাৰী, ঘৰ সংসাৰ, প্রভাতি পক্ষীৰ গানৰ দৰে কেইবাখনো জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰিছিল।