বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ ৭৯ বছৰ বয়সত দেহাৱসান

অসমীয়া সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্র বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ বিয়োগত অসমবাসীৰ মাজত শোকৰ ছাঁ পৰিছে। ৭৯ বছৰ বয়সত দেহাৱসান ঘটা শিল্পীগৰাকীৰ মৃত্যুত বিভিন্নজনে গভীৰ শোক প্রকাশ কৰিছে। গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত গুণমুগ্ধসকলে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ আকাশবাণী গুৱাহাটীৰ চৌহদলৈ অনা হয়। শিল্পীগৰাকীৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হ’ব। সংগীত শিল্পীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাকে ধৰি বিভিন্ন ব্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্রকাশ কৰিছে। মন্ত্ৰী বিমল বৰাই প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত সমৰ হাজৰিকাক ৰাজ্য চৰকাৰে মৰণোত্তৰভাৱে শিল্পী বঁটা প্ৰদান কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাজৰিকাই অসমীয়া লোক জীৱনৰ সুখ- দুখ, আশা-আকাংক্ষাক সুৰৰ মাধুৰ্যৰে জনসাধাৰণৰ হৃদয়লৈ লৈ গৈছিল। লোকসংগীত, আধুনিক গীত আৰু সাংস্কৃতিক চেতনাৰে সমৃদ্ধ হাজৰিকাৰ সৃষ্টিসমূহ হৈছে অসমীয়া সংগীত ভাণ্ডাৰৰ অমূল্য সম্পদ।