ডাউনলোড
মোবাইল এপ

android apple
signal

বিশিষ্ট সংগীত প্রযোজক তথা সুৰকাৰ বিপুল বৰুৱাক আকাশবাণীৰ সৰ্বোচ্চ সংগীত প্রযোজকৰ স্বীকৃতি প্রদান

বিশিষ্ট সংগীত প্রযোজক তথা সুৰকাৰ বিপুল বৰুৱাক আকাশবাণীৰ সৰ্বোচ্চ সংগীত প্রযোজকৰ স্বীকৃতি প্রদান কৰা হৈছে। আকাশবাণীৰ সঞ্চালকালয়ে শ্ৰীবৰুৱাক সংগীতৰ প্ৰযোজনাৰ ক্ষেত্ৰত সৰ্বোচ্চ স্বীকৃতি প্ৰদান কৰা পত্ৰ খন আজি আকাশবাণী গুৱাহাটীত কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, বিশিষ্ট সংগীত প্রযোজক তথা সুৰকাৰ অনুপম চৌধুৰীৰ পাছত এই স্বীকৃতি লাভ কৰা শ্ৰীবিপুল বৰুৱা হৈছে অসমৰ দ্বিতীয়গৰাকী সংগীত শিল্পী। সু-প্রসিদ্ধ সুৰকাৰ মুকুল বৰুৱাৰ পুত্ৰ শ্ৰীবিপুল বৰুৱাই আকাশবাণীৰ স্থায়ী সংগীত প্রযোজক হিচাপে আজি কিছুবছৰ পূৰ্বে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।