আজি পুৱা চেন্নাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ কাইলৈ পুৱা অসমলৈ অনা হ’ব। শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে ।
অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদকগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়া হৈছিল। শেহতীয়াকৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাৰ পাছত আজি পুৱা ৬ বাজি ১৫ মিনিটত শিল্পীগৰাকীৰ মৃত্যু হয়।
উল্লেখযোগ্য যে নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰাৰ লগতে কলকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনস্ট্রুমেণ্টেল মিউজিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সংগীতৰ জগতখনত নিমজ্জিত হৈ পৰিছিল। আকাশবাণীৰ বি-হাইগ্ৰেড লাভ কৰা শিল্পীগৰাকী আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্রাপ্ত সংগীত পৰিচালকো আছিল। তেওঁ কেইবাখনো অসমীয়া চিনেমাৰ সংগীত পৰিচালনাও কৰিছিল। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা শিল্পীগৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে।
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত ৰাজ্যপালগৰাকীয়ে কয়, যে ভাৰতীয় ধ্রুপদী সংগীতলৈ অৱদান অগবঢ়োৱাৰ লগতে বাঁহী বাদনেৰে বিশ্বজুৰি সন্মান অর্জন এগৰাকী গুণী শিল্পীক অসমে হেৰুৱালে। ৰাজ্যপালগৰাকীয়ে শিল্পীগৰাকীৰ শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পীগৰাকীৰ অকাল বিয়োগত মর্মাহত বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। বাঁহীৰ লহৰ তুলি অনবদ্য সৃষ্টিৰাজিৰে সাংস্কৃতিক জগতক মহীয়ান কৰা দীপক শৰ্মাৰ বিয়োগ জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ সংস্কৃতিৰ সাধকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে।