ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

■ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। কেইবাখনো চলচ্চিত্ৰত অভিনয়, শতাধিক নাট আৰু পাঁচ শতাধিক গীত ৰচনাৰে অসমৰ অভিনয় আৰু সাহিত্য জগতত অৱদান আগবঢ়াই যোৱা গীতিকাৰগৰাকীয়ে কেইবাখনো চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰিছিল। ভ্ৰাম্যমানৰ বাবে ভালেমান নাট ৰচনা আৰু পৰিচালনা কৰা দত্তক ২০১৮-১৯ বৰ্ষৰ ভৱেন্দ্ৰনাথ শ‍ইকীয়া বঁটা আৰু ২০১৮ বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁটাৰে সন্মানিত কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।