ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশিষ্ট গৱেষক, ভাষাবিদ নাহেন্দ্ৰ পাদুনক জীৱনজোৰা সাধনা বঁটা প্ৰদান

বিশিষ্ট গৱেষক, ভাষাবিদ নাহেন্দ্ৰ পাদুনক আজি শিৱসাগৰ জিলাৰ বৰ্ডিং খেল পথাৰত আয়োজিত এটা অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। মিচিং আগম কেবাঙে শ্ৰী পাদুনৰ দীৰ্ঘকালীন সাধনা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়ায়। শিৱসাগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা বিদ্বানগৰাকীয়ে কেৱল বিদ্যায়তনিক ক্ষেত্ৰতে নহয়, বৰং জাতীয় বৌদ্ধিক আৰু সাংস্কৃতিক জীৱনলৈ অমূল্য অৱদান আগবঢ়াই আহিছে। অনুষ্ঠানত সাহিত্যিক, শিক্ষাবিদগৰাকীৰ জীৱন আৰু কৰ্মক সামৰি এখন অভিনন্দন গ্রন্থ উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ জ্যোতি প্ৰসাদ শ‍ইকীয়াই এই গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে।