ডাউনলোড
মোবাইল এপ

android apple
signal

বিলুপ্তপ্রায় পক্ষী প্রজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পক্ষী দিৱস পালন

 বিভিন্ন বিলুপ্তপ্রায় পক্ষী প্রজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে দেওবাৰে ৰাষ্ট্ৰীয় পক্ষী দিৱস পালন কৰা হয়। অসমতো পক্ষী দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ১১ পৰা ১৩ জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা কৰা হ’ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূব অসম বন্যপ্রাণী বন সংমণ্ডল, নগাঁও বন্যপ্রাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্রাণী সংমণ্ডল এলেকাত ষষ্ঠবাৰৰ বাবে এই বিশেষ পক্ষী গণনা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই এই বিষয়ে জানিবলৈ দিয়ে। কাজিৰঙাত হ’বলগীয়া এই গণনাত বন বিভাগৰ বিষয়া কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে দাঁতিকাষৰীয়া বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলকো প্ৰশিক্ষণ দি গণনা কাৰ্যসূচীত নিয়োগ কৰা হ’ব বুলি উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় উদ্যানৰ বিল,জলাশয় আদি বিগত বৰ্ষত কৰা গণনাত ৮৮,৭১০ টা চৰাই পোৱা গৈছে। ১৮৪ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই এই গণনাত পৰিলক্ষিত হৈছিল। ৰাজ্যিক পক্ষী দেওহাঁহৰ সংৰক্ষণৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত যোৱা বছৰৰ পৰা গ্ৰহণ কৰা বিশেষ প্ৰকল্পৰ ফলত উদ্যানখনত দেওহাঁহৰ সংখ্যা বৃদ্ধি পাইছে। দুষ্প্ৰাপ্য প্ৰজাতিৰ এই পক্ষীবিধ পূৰ্বে বিহালী সংৰক্ষিত বনাঞ্চল, ডুমডুমা, ডিব্ৰু-চৈখোৱা, দিহিং-পাটকাইকে ধৰি কেইবাখনো বনাঞ্চলত পোৱা গৈছিল যদিও পৰৱৰ্তী সময়ত অন্য বনাঞ্চলসমূহত দেওহাঁহৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈ পৰে। দিহিং পাটকাই আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানতহে এই দুষ্প্রাপ্য প্ৰজাতিৰ পক্ষীবিধ বৰ্তি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যোৱা বছৰ নামেৰিত এই প্রকল্প আৰম্ভ কৰে। ইয়াৰ অধীনত দেওহাঁহৰ বিচৰণ ক্ষেত্ৰ তথা বিলসমূহৰ চোৱাচিতা কৰাৰ লগতে এই পক্ষীবিধৰ উপযোগীকৈ তিনিখন বিল সাজু কৰি তোলা হয়। তিনিওখন বিললৈ যথেষ্ট সংখ্যক দেওহাঁহৰ আগমন ঘটাৰ ফলত পক্ষীবিধৰ আশা ব্যঞ্জকভাৱে বংশবৃদ্ধি হৈছে বুলি উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰে। বৰ্তমান উদ্যানখনত থকা ৭০ৰ পৰা ৮০ টা দেওহাঁহ চাবলৈ দেশ-বিদেশৰ অগণন পৰ্যটকৰ আগমন ঘটে। উদ্যানখনত এই পক্ষীবিধৰ গতি-বিধি নিৰূপণৰ বাবে কমেও দুটা পক্ষীৰ দেহত ৰেডিঅ’কলাৰ নামৰ বিশেষ সঁজুলি সংস্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ সূত্ৰই প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।