বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিব : মন্ত্রী কে ৰামমোহন নাইডু

জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিব বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কালি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কালি হায়দাবাদত সংবাদ মাধ্যমৰ আগত কয়, যে বৈপ্লৱিক উড়ান আঁচনিৰ জৰিয়তে দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ মহানগৰসমূহত বিমান বন্দৰ নিৰ্মাণ কৰা হৈছে। তেওঁ কয়, যে মন্ত্রালয়ে তেলেংগানাৰ কাঠগুদাম জিলাত আন এটা বিমানবন্দৰ বিকশাই তোলা হৈছে। পর্যটন, শিক্ষা, উৎপাদন খণ্ডৰ লেখিয়াকৈ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়েও দেশত অত্যাধুনিকভাৱে বিকশাই তোলা বিমানবন্দসমূহে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।