January 9, 2026 8:03 PM | Educational Meeting

printer

বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰাৰ বাবে গুৰুত্বপূৰ্ণ শৈক্ষিক বৈঠক

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ পৰিকাঠামোৰ অন্তৰ্গত ৫ বছৰীয়া সংহত স্নাতকোত্তৰ আৰু ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰাৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ শৈক্ষিক বৈঠক অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখা আৰু বিভাগৰ ডীন, অধ্যাপক-অধ্যাপিকা আৰু বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষই এই শৈক্ষিক বৈঠকত উপস্থিত থাকে। বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডাঃ ৰণোজ পেগুৱে কয়, যে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ কেৱল এক নীতি নহয়, এই নীতি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এক ঐতিহাসিক পদক্ষেপ। এই নীতিয়ে শিক্ষাক অধিক ছাত্রকেন্দ্রিক, বহুমুখী, নমনীয় আৰু দক্ষতাভিত্তিক কৰি তুলিবৰ বাবে সুস্পষ্ট দিশ প্ৰদান কৰিছে। ৫ বছৰীয়া সংহত স্নাতকোত্তৰ আৰু চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীসকলে গৱেষণা, উদ্ভাৱন আৰু উচ্চ দক্ষতা অৰ্জনৰ সুযোগ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।