ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বুজ লোৱাৰ উদ্দেশ্যে কাৰ্বি আংলঙত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

● দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বুজ লোৱাৰ উদ্দেশ্যে জিলাখনৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰিব। তেওঁ ডিফু চহৰৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ লংনিত, মহংডিজুৱা আৰু মাঞ্জাত জলজীৱন মিছন আৰু অন্যান্য উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ ল’ব। উল্লেখযোগ্য যে, ৰাজ্যপালগৰাকীয়ে কালি কাৰ্বি আংলঙত উপস্থিত হৈ জিলাখনৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰে। পদ্মশ্ৰী সন্মানপ্রাপক, আগশাৰীৰ খেলুৱৈ, সমাজকৰ্মী আৰু স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে হোৱা মত বিনিময়ত ৰাজ্যপালগৰাকীয়ে কয়, যে প্রকৃত উন্নয়নে আন্তঃগাঁথনিগত প্রগতিকে নহয়, বৰং ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰকো সূচায়। তেওঁ কয়, যে উন্নয়নৰ সৈতে পৰম্পৰা, ভাষা আৰু সংস্কৃতিক বৰ্তাই ৰাখিলেহে প্ৰকৃত আৰু অৰ্থবহ প্ৰগতি সম্ভৱপৰ হৈ উঠে। পাছত ৰাজ্যপালগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য আৰু পৰিষদৰ মুখ্য অংশীদাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যপালগৰাকীয়ে তেওঁলোকক অঞ্চলটোৰ জনসাধাৰণৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়।