ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অব ইণ্ডিয়া, চমুকৈ ছেবিয়ে বিনিয়োগকাৰীসকলক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন বিশ্বাসত লোৱাৰ পূৰ্বে বিষয়টোৰ সন্দৰ্ভত অধিক অধ্যয়নৰ পৰামৰ্শ আগবঢ়াইছে। এটা বিবৃতিত ছেবিয়ে বিনিয়োগকাৰী সকলক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ আঁৰত থকা প্রকৃত স্বার্থ সঠিকভাবে অধ্যয়নৰ বাবে আহ্বান জনায়। ভাৰতৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰণকাৰী সংস্থাটোৱে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ অভিযোগ খণ্ডন কৰি কয় যে স্বাৰ্থৰ সংঘাতৰ সৈতে জড়িত সমস্যাসমূহ সমাধানৰ বাবে তেওঁলোকৰ হাতত পৰ্যাপ্ত অভ্যন্তৰীণ ব্যৱস্থা আছে। ছেবিয়ে লগতে উল্লেখ কৰে যে পূৰ্বে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে আদানী গ্ৰুপৰ বিৰুদ্ধে অনা অভিযোগ সমূহৰ যথাযথ তদন্ত কৰিছে। ছেবিয়ে লগতে কয় যে ভাৰতৰ মূলধনী বজাৰৰ অখণ্ডতা আৰু ইয়াৰ শৃংখলাবদ্ধ উন্নয়ন আৰু বিকাশ নিশ্চিত কৰাৰ বাবে তেওঁলোক প্রতিশ্রুতিবদ্ধ । ইফালে, এছ’চিয়েশ্যন অৱ মিউচুৱেল ফাণ্ডছ ইন ইণ্ডিয়া চমুকৈ এ এম এফ আয়ে ছেবিৰ অধ্যক্ষ মাধবী পুৰি বুশ্ব আৰু তেওঁৰ স্বামী ধভাল বুশ্বৰ বিৰুদ্ধে হিণ্ডেনবার্গে অনা অভিযোগ খণ্ডন কৰিছে। এ এম এফ আইয়ে এটা বিবৃতিত কয় যে ভাৰতীয় বজাৰৰ পৰিৱেশতন্ত্ৰ অস্থিৰ কৰি ঘাটি সৃষ্টি কৰাৰ লগতে বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ পথত অপ্ৰয়োজনীয় বাধাৰ সৃষ্টি কৰিবলৈ হিণ্ডেনবার্গে অপচেষ্টা চলাইছে।
Site Admin | August 12, 2024 11:37 AM
বিনিয়োগকাৰীক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত থকা প্রকৃত স্বার্থ সঠিক অধ্যয়নৰ বাবে ছেবিৰ আহ্বান
