ৰাজ্য চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব। ভৈয়াম জনজাতিৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সাংবাদিকৰ আগত কালি এই কথা প্ৰকাশ কৰি কয়, যে এই প্রতিবেদনৰ কোনো সংশোধন নহয়। ইয়াৰ পৰিৱৰ্তে প্ৰতিবেদনখনত থকা দুই-এটা আসোঁৱাহ শুদ্ধ কৰি আৰু কেন্দ্ৰীয় চৰকাৰে বিচৰা তিনিটা বিষয় স্পষ্ট কৰি প্ৰতিবেদনখন প্ৰেৰণ কৰা হ’ব। ডাঃ পেগুৱে কয়, যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ ছটা জনগোষ্ঠীক কিদৰে জনজাতিকৰণ কৰা হ’ব, সংৰক্ষণৰ ব্যৱস্থা কেনেকুৱা হ’ব আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাৰ পৰা ছটা জনগোষ্ঠী ওলাই যোৱাৰ পাছত বাকী থকা জনগোষ্ঠীসমূহৰ সংৰক্ষণ কিমান শতাংশ হ’ব, সেই বিষয়ত কেন্দ্ৰীয় চৰকাৰে স্পষ্টতা বিচাৰিছে। প্ৰতিবেদনখনত মটক জনগোষ্ঠী সন্দৰ্ভত থকা এটা তথ্যগত ভুল শুধৰণিৰ বাবে আবেদন জনোৱা হৈছিল আৰু সম্প্ৰতি ইয়াৰ শুধৰণি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | January 10, 2026 12:42 PM | Six Schedule update
বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব