ডাউনলোড
মোবাইল এপ

android apple
signal

September 13, 2025 8:43 PM | Om Birla

printer

বিধানসভাসমূহ দেশৰ বাবে গঠনমুলক সিদ্ধান্ত গ্ৰহনৰ এখন মঞ্চ হৈ ৰ’ব : ওম বিৰলা

বিধানসভাসমূহ চিৰদিন ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়ত অর্থবহ আলোচনা, জনসাধাৰণৰ স্বার্থজড়িত বিষয়ত তৰ্কৰ লগতে সমাজ তথা দেশৰ বাবে গঠনমুলক সিদ্ধান্ত গ্ৰহনৰ এখন মঞ্চ হৈ ৰ’ব বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আশা প্রকাশ কৰিছে।
আজি বেংগালুৰুত অনুষ্ঠিত কমনৱেলথ সংসদীয় সংস্থাৰ একাদশ ভাৰত অঞ্চল সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ এই মন্তৱ্য কৰিছে। অধ্যক্ষগৰাকীয়ে লগতে কয় বিধানসভা সমূহক উক্ত লক্ষ্যত উপনীত কৰাবলৈ সহায় হ’ব পৰা প্ৰক্ৰিয়াৰ বিষয়ে এই দুদিনীয়া সন্মিলনত আলোচনা কৰা হৈছিল যাৰ বাবে ৰাজনৈতিক দল আৰু বিধায়কসকলে সন্মিলিত ভাৱে কাম কৰিব লাগিব। সাংসদ সকলৰ বিষয়বস্তুৰ ওপৰত দখল বৃদ্ধি কৰিবলৈ সংসদৰ পুথিভঁৰাল আৰু গৱেষণা গোটবোৰ উন্নত কৰা প্ৰসংগতো ওম বিৰলাই মন্ত আগবঢ়াই কয় যে জনসাধাৰণৰ আস্থা অর্জন কৰি সংসদীয় গণতন্ত্র শক্তিশালী কৰাৰ বাবে সাংসদসকলে তেওঁলোকৰ ৰাজনৈতিক আনুগত্যৰ উৰ্দ্ধত গৈ সামাজিক কল্যাণৰ অনুশীলনত সক্রিয়ভাৱে অংশগ্রহণ কৰিব লাগিব। তেওঁ সংবাদ মাধ্যমসমূহকো জনসাধাৰণৰ কল্যাণৰ বাবে বিধায়কসকলৰ ইতিবাচক কামৰ তথ্য প্ৰচাৰ কৰিবলৈ আহ্বান জনায়। ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে বিধায়ক সকলেও অবদান আগবঢ়াব বুলি ওম বিৰলাই আশা প্ৰকাশ কৰে।