ডাউনলোড
মোবাইল এপ

android apple
signal

June 29, 2025 12:03 PM | Dr. Ranoj Pegu

printer

বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুর্গাপূজাৰ সময়ত ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি দিব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুর্গাপূজাৰ সময়ত ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি দিব। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰিছে। শিক্ষক পদ পুৰণৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ বাচনি প্রক্রিয়া চলি আছে। এই অনুসৰি পহিলা জুলাইৰ পৰা মাধ্যমিক পৰ্যায়ত খালী হৈ থকা সাত হাজাৰ ৫৮৮ টা শিক্ষক পদ পুৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাত নিযুক্ত হ’বলগীয়া এই স্নাতক শিক্ষকৰ পদসমূহ পুৰণৰ বাবে ছটা মণ্ডলত প্ৰাৰ্থীৰ নথিপত্র পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত হ’বলগা এই বাচনি প্রক্রিয়া সন্দৰ্ভত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে স্নাতক শিক্ষকৰ বাবে মুঠ  ৭ ৫৮৮ টা পদৰ বাবে আবেদন বিচৰা হৈছিল আৰু এই পদৰ বাবে ৬২৩৬ গৰাকী প্ৰাৰ্থীৰ আবেদন যোগ্য বিবেচিত হৈছে। বাকী ১৩৫২ টা পদৰ বাবে পৰৱৰ্তী সময়ত বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত খালী হৈ থকা স্নাতকোত্তৰ শিক্ষকৰ ১৪৮৭ টা পদৰ বাবে নথি পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পাছতো খালী হৈ ৰ’বলগীয়া ২৩০টা পদ সন্দৰ্ভত ডাঃ পেগুৱে এই পদসমূহৰ বাবেও শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক