ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিদ্যালয়সমূহত দা গ্রেট আছাম স্কুল শ্বেকআউট প্র’গ্রাম শীর্ষক বিশেষ কার্যসূচী

● অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিদ্যালয় শিক্ষা বিভাগ আৰু ইউনিচেফৰ সহযোগত ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ল’বলগীয়া সতর্কতামূলক ব্যৱস্থা সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে বিদ্যালয়সমূহত দা গ্রেট আছাম স্কুল শ্বেকআউট প্র’গ্রাম শীর্ষক বিশেষ কার্যসূচী হাতত লৈছে। আন্তঃৰাষ্ট্ৰীয় আলোড়ন দিৱস উপলক্ষে কালি গুৱাহাটীত এই কাৰ্যসূচী মুকলি কৰা হয়। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কাৰ্যসূচী মুকলি কৰি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এই পদক্ষেপৰ শলাগ লয়। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত ১৯৫০ৰ বৰভূঁইকঁপক সুঁৱৰি অহা ২৯ অক্টোবৰত ৰাজ্যৰ ৩৫ খন জিলাৰ ১,৯৩৬ খন বিদ্যালয়ৰ ৭ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত আত্মৰক্ষা, সুৰক্ষা আৰু সতর্কতামূলক কৌশলৰ অনুশীলনমূলক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।