ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 6, 2024 7:59 PM | Dharmendra Pradhan

printer

বিদ্যালক্ষ্মী আঁচনিত অনুমোদনেৰে উচ্চ শিক্ষাৰ লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ’ব : শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান

শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কৈছে যে, কেবিনেটে ৩ হাজাৰ ৬০০ কোটি টকা ব্যয়েৰে প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী ব্যয়েৰে প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন দিয়াৰ ফলত উচ্চ শিক্ষাৰ লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ’ব আৰু দেশৰ যুৱক-যুৱতীসকলে নিজৰ সপোন পূৰণ কৰিব পাৰিব। শ্রীপ্রধানে সামাজিক মাধ্যমযোগে কয় যে, প্রধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিৰ অধীনত অতিৰিক্ত বন্ধকীমুক্ত আৰু নিশ্চয়তা প্ৰদান কৰোতা অবিহনে লাভ কৰা শিক্ষা ঋণ ব্যৱস্থাই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষা লাভৰ পথ সুগম কৰি তুলিব। তেওঁ কয় যে, এই আঁচনিখন কোনো ছাত্র যাতে বিত্তীয় বাধাৰ বাবে শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া নহয় সেয়া নিশ্চিত কৰিব। দেশৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ বাবে একবিংশ শতিকাৰ উচ্চ শিক্ষা সার্বজনীন কৰি তোলাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিশ্চয়তা বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, প্রধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁছনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় প্রতিষ্ঠানগত ৰেংকিং পৰিকাথামোৰ ভিত্তিত দেশৰ শীৰ্ষৰ ৮৬০ খন উচ্চ শিক্ষা প্রতিষ্ঠানত নামভৰ্তিৰ সুযোগ লাভ কৰিব। এই আঁচনিৰ অধীৱনত প্ৰতিবছৰে ২২ লাখ শিক্ষাৰ্থীক সামৰি লোৱা বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে প্রধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিক ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ দিশে লোৱা শক্তিশালী পদক্ষেপ বুলি অভিহিত কৰে। এই আঁচনিয়ে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লাখ লাখ শিক্ষাৰ্থীক উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।