ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিদেশী লোকৰ প্ৰতি অহেতুক ভিতিয়ে ভাৰতীয় অৰ্থব্যৱস্থাত বাধা সৃষ্টি কৰা বুলি আমেৰিকা ৰাষ্ট্ৰপতিৰ দাবীক বিদেশ মন্ত্রী ড° এছ জয়শংকৰৰ নস্যাৎ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে বিদেশী লোকৰ প্ৰতি অহেতুক ভিতিয়ে ভাৰতীয় অৰ্থব্যৱস্থাত বাধা সৃষ্টি কৰিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন কৰা দাবী খণ্ডন কৰিছে। এটা সংবাদ গোষ্ঠীয়ে আয়োজন কৰা এখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি ড° জয়শংকৰ কয় যে, ভাৰতীয় সমাজে সদায় মুকলি চিন্তা ধাৰাৰ পৰিচয় দি আহিছে। তেওঁ কয় যে, ভাৰত বিশ্বৰ ইতিহাসত এখন অন্যন্য দেশ আৰু ই সদায় বিভিন্ন সমাজৰ জনসাধাৰণক আদৰেৰে গ্ৰহণ কৰি আহিছে। ভাৰতীয় অর্থ ব্যৱস্থা যথেষ্ট শক্তিশালী বুলি তেওঁ প্ৰকাশ কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অলপতে ভাৰত আৰু জাপানত বিদেশী লোকৰ প্ৰতি অহেতুক ভিতিয়ে দেশ দুখনৰ অৰ্থ ব্যৱস্থাৰ বিকাশত বাধা সৃষ্টি কৰা বুলি মন্তব্য কৰিছিল। ওড়িশাৰ ভুৱনেশ্বৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ড° জয়শংকৰে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত ভাৰতৰ বিদেশ নীতিৰ বৃহৎ সংস্কাৰ কৰা হ’ব। তেওঁ কয় যে, ভাৰতে ইয়াৰ স্পষ্ট বিদেশ নীতিৰ বাবে বিভিন্ন গোলকীয় বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে, সমগ্ৰ উপ সাগৰীয় অঞ্চল আৰু পশ্চিম এছিয়াৰ একাংশ ঠাই যুদ্ধৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ভাৰতে এই অঞ্চলসমূহত বাসকৰা দেশৰ ৯০ লাখ নাগৰিকৰ সুৰক্ষাক লৈ চিন্তিত বুলি বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।