ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় স্থান দখল

বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান দখল কৰিছে। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো ২০২২-২৩ চনৰ ১৪ লাখ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত ২৭ লাখ টকাৰ বিপৰীতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাজহ সংগ্ৰহৰ লক্ষ্য ৪২ লাখ টকা স্থিৰ কৰিছে। অসম-অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখন জৈৱ বৈচিত্ৰৰে ভৰপূৰ। ৰাজ্যিক পক্ষী দেওহাহ, ধণেশ, বনৰীয়া হাতী, ৰাষ্ট্ৰীয় পশু ঢেকিয়াপতিয়া বাঘ, ইত্যাদি প্রাণীকুলৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন প্ৰজাতিৰ অৰ্কিড দেখিবলৈ পোৱা যায়। পৰ্যটকৰ বাবে উদ্যান কর্তৃপক্ষই নতুনকৈ এটা ট্রেকিং পথ সাজু কৰিছে বুলি জানিবলৈ দিছে। ২০২৫ চনৰ জানুৱাৰী মাহত এই পথটো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব। দেশী-বিদেশী পৰিভ্ৰমী চৰাই চাবলৈ জানুৱাৰী মাহৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত বিদেশী পৰ্যটকৰ সমাগম ঘটে বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰিছে।