January 5, 2025 11:12 AM | Foreign Tribunal

printer

বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰা মৰিগাঁৱৰ দুজন শিক্ষকক  চাকৰিৰ পৰা বৰ্খাস্ত

বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰা মৰিগাঁৱৰ দুজন শিক্ষকক ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। শিক্ষা সঞ্চালকালয়ে এটা নিৰ্দেশনাৰ জৰিয়তে মৰিগাঁও জিলাৰ কপিলিৰ ঠেংখালি খান্দা প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক খাইৰুল ইছলাম আৰু মৰিগাঁৱ লাহৰি ঘাটৰ উলুবাৰী এন ই স্কুলৰ বিজ্ঞান শিক্ষক আব্দুল ৰিছদক নিলম্বন কৰে। দুয়োগৰাকী শিক্ষকে বিদেশী ন্যায়াধীকৰণে তেওঁলোকক বিদেশী হিচাপে কৰা ঘোষণা সন্দৰ্ভত পাছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চ ন্যায়ালয়ে শিক্ষক দুগৰাকীৰ ক্ষেত্ৰত বিদেশী ন্যায়াধীকৰণৰ ৰায়ক বাহাল ৰখাৰ পৰিপ্ৰেক্ষিতত শিক্ষা সঞ্চালকালয়ে দুয়োগৰাকী শিক্ষককে চাকৰিৰ পৰা নিলম্বন কৰি নিৰ্দেশনা জাৰি কৰে ।