ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিদেশত শিক্ষা সম্পূৰ্ণ কৰা আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাৰ সৈতে সংযুক্ত হ’ব খোজা শিক্ষার্থীৰ বাবে প্রমাণিকৃত সমতূল্য পৰিকাথামো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ ইউ জি চিৰ

বিশ্ববিদ্যালয় অনুদান আয়োগ ইউ জি চিয়ে বিদেশত শিক্ষা সম্পূৰ্ণ কৰা আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থা অথবা কর্মশক্তিৰ সৈতে সংযুক্ত হ’ব খোজা শিক্ষার্থীসকলৰ বাবে এটা প্রমাণিকৃত সমতূল্য পৰিকাথামো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে এখন জাননীযোগে বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা লাভ কৰা বিদেশী যোগ্যতা চিনাক্তকৰণৰ বাবে স্বচ্ছ প্রযুক্তি আধাৰিত ব্যৱস্থা বিকশাই তোলা হৈছে বুলি প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ মমিদালা জগদীশ কুমাৰে কৈছে যে, ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুযায়ী দেশক গোলকীয় অধ্যয়নস্থলীলৈ ৰূপান্তৰকৰণৰ দিশৰ পৰা এই পদক্ষেপ অতিকে গুৰুত্বপূৰ্ণ। তেওঁ কয়, যে ভাৰতীয় প্ৰতিষ্ঠানসমূহে আন্তৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰিবলৈ হ’লে ভাৰতে বিদেশৰ পৰা লাভ কৰা ডিগ্ৰীৰ উচিত চিনাক্তকৰণৰ ব্যৱস্থা সুনিশ্চিত কৰিব লাগিব। বিশ্ববিদ্যালয় অনুদান আয়োগে পুৰণি বিষয়সমূহ নিষ্পত্তি কৰি এই গুৰুত্বপূৰ্ণ সংস্কাৰৰ মাধ্যমেৰে দেশৰ উচ্চ শিক্ষা ব্যৱস্থাক অধিক সৰ্বাত্মক, প্ৰতিযোগিতামূলক আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ দিশে অগ্ৰসৰ হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।