● বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয় যে চৰকাৰে বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা, নিৰাপত্তা, আৰু কল্যাণৰ বাবে সর্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু অবৈধ অনুপ্ৰৱেশ আৰু মানৱ সৰবৰাহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ কৰ্তৃপক্ষৰ সৈতে জড়িত হৈ আছে। ৰাজ্যসভাত কালি ড° জয়শংকৰে কয় যে ভাৰতীয় নাগৰিকক বিতাড়নৰ সৈতে জড়িত সকলো বিষয়তে ভাৰতে আমেৰিকাৰ সৈতে ঘনিষ্ঠ
সমন্বয়ৰে কাম কৰে। তেওঁ সদনক অৱগত কৰে যে ২০০৯ চনৰ পৰা মুঠ ১৮ হাজাৰ ৮২২ ভাৰতীয় নাগৰিকক ভাৰতলৈ বিতাড়িত কৰা হৈছে। তেওঁ লগতে প্ৰকাশ কৰে যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মুঠ ৩,২৫৮ জন ভাৰতীয় নাগৰিকক আমেৰিকাই ভাৰতলৈ বিতাড়িত কৰিছে আৰু ইয়াৰে দুহেজাৰৰো অধিক ব্যক্তিক নিয়মীয়া বাণিজ্যিক বিমানেৰে বিতাড়িত কৰা হৈছে।
ড° জয়শংকৰে কয় যে, ৫ ফেব্ৰুৱাৰীত বিতাড়ন বিমানৰ পিছত মহিলা আৰু শিশুক শিকলিৰে বান্ধি ৰখাৰ কোনো দৃষ্টান্তএই মন্ত্ৰালয়ৰ দৃষ্টিগোচৰ হোৱা নাই। তেওঁ অৱগত কৰে যে উভতি অহা বিতাড়িতসকলে দিয়া হিচাপ আৰু সাক্ষ্যৰ ভিত্তিত কেন্দ্ৰীয় আৰু নিজ নিজ ৰাজ্য চৰকাৰে কেইবাটাও গোচৰ পঞ্জীয়ন কৰিছে। তেওঁ কয়, এই ৰেকেট চলোৱা কেইবাটাও অবৈধ অনুপ্ৰৱেশ এজেন্ট, অপৰাধমূলক সুবিধা প্রদানকাৰী আৰু মানৱ সৰবৰাহৰ ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্তৰ লগতে ব্যৱস্থা গ্ৰহণ চলি আছে।