ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ নির্মলা সীতাৰমনৰ

নির্মলা সীতাৰমনে আজি নতুন দিল্লীত কেন্দ্রীয় মন্ত্রীসভাৰ বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰি নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে তেওঁক পুনৰ বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্ব অর্পণ কৰা বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। একে সময়তে তেওঁ বিগত ১০টা বছৰৰ প্ৰধানমন্ত্ৰী মোদীৰ শক্তিশালী নেতৃত্ব তথা উন্নয়নমুখী প্ৰশাসনৰ বিষয়ে উল্লেখ কৰি কয় যে, তেওঁৰ এনে নেতৃত্বৰ বাবেই দেশখনে ভিন ভিন খণ্ডত সংস্কাৰমুখী পৰিৱৰ্তনৰ পথ দেখিবলৈ পোৱাৰ লগতে মজবুত অর্থনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিবলৈ সমৰ্থ হৈছে।

বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অন্তৰ্গত ভিন ভিন বিভাগৰ সচিবসকলে বিভিন্ন আঁচনি সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰোৱাৰ পাছত তেওঁ কয় যে, দেশৰ নাগৰিকসকলৰ জীৱন-ধাৰণৰ মান সহজ হৈ উঠাটো নিশ্চিত কৰাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ। ২০১৪ চনত আৰম্ভ কৰা সংস্কাৰমূলক পদক্ষেপসমূহ অব্যাহত থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে, ইয়াৰ জৰিয়তে অৰ্থনীতিৰ বিকাশ আৰু সুস্থিৰতা অধিক বৃদ্ধি পাব।