ডাউনলোড
মোবাইল এপ

android apple
signal

বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা বৈঠকত অধ্যক্ষতা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰ ভৱনত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সমন্বিত বস্তু আৰু সেৱা কৰ, আই জি এছ টি সংগ্ৰহৰ বৰ্তমান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ আই জি এছ টি সংগ্রহ বৃদ্ধি কৰিবলৈ প্ৰয়োজনীয় আৰু সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নির্দেশ দিয়ে। তেওঁ লগতে কৰ সংগ্ৰহৰ ক্ষেত্ৰত থকা সমস্যাসমূহ বিচাৰি উলিয়াই ৰাজহ সংগ্ৰহৰ সমগ্ৰ ব্যৱস্থাটো সুচল কৰি তোলাটো নিশ্চিত কৰাৰ বাবে পষেকীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ মুখ্য সচিব ড০ ৰবি কোটাক পৰামৰ্শ দিয়ে।

অধিক পঢ়ক

সকলো চাওক