● কোকৰাঝাৰৰ বিটিচি সচিবালয়ত কালি বিটিচিৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত প্ৰশাসনিক আৰু উন্নয়ন বিষয়ক ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকত বিটিচিৰ সকলো কাৰ্যবাহী সদস্য, মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে কয়, যে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিত ভূমিপট্টা বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ভূমি আৰু ৰাজহ বিভাগত কৰ্মচাৰীৰ সংখ্যা কম হোৱাৰ বাবে বিটিচি প্রশাসনে অস্থায়ীভাৱে ২৯ জন অৱসৰপ্ৰাপ্ত মণ্ডল আৰু কাননগ’ক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ভূমি সম্পৰ্কীয় সেৱাৰ কাম ক্ষিপ্ৰতৰ কৰি তোলাৰ বাবে মণ্ডলৰ প্রশিক্ষণ সমাপ্ত কৰা ২০০ প্রশিক্ষিত নিবনুৱা যুৱক-যুৱতীক নিয়োগ কৰা হ’ব। শ্ৰীমহিলাৰীয়ে বিভাগীয় বিভিন্ন ক্ষেত্ৰৰ পৰ্যালোচনাৰ বাবে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হ’ব বুলি প্ৰকাশ কৰে।
ইপিনে বিটিচি চৰকাৰত বিজেপিৰ দুজন কাৰ্যবাহী সদস্য থাকিব বুলি উল্লেখ কৰি শ্ৰীমহিলাৰীয়ে পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্যগৰাকীও বিজেপিৰে হ’ব বুলি প্ৰকাশ কৰে।