●বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে। এই ভোটগণনাৰ জৰিয়তে ৩১৬ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। আবেলিৰ ভিতৰত আটাইকেইটা সমষ্টিৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে যোৱা ২২ ছেপ্তেম্বৰত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণত ৭৮.৪২ শতাংশ লোকে ভোটদান কৰিছিল। ইয়াৰ ভিতৰত কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত ৮২.২৭ শতাংশ, ওদালগুৰি জিলাৰ ১০টা সমষ্টিত ৭৫.১৭ শতাংশ, তামুলপুৰ জিলাৰ ৪টা সমষ্টিত ৭৫.০৯ শতাংশ, বাক্সাৰ ৬টা সমষ্টিত ৭৬.৯২ শতাংশ আৰু চিৰাং জিলাৰ ৭টা সমষ্টিত ৮০.১১ শতাংশ লোকে ভোটৰ অধিকাৰ সাব্যস্ত কৰিছিল। কোকৰাঝাৰ জিলাৰ ১২টা পৰিষদীয় সমষ্টিৰ ভোটগণনা কেইবাটাও ভোটকেন্দ্ৰত পুৱাৰে পৰা আৰম্ভ হৈছে। জিলাখনৰ ভোটাৰ ৰাইজে আজি ১২ টা সমষ্টিৰ ১০০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব।
চিৰাং জিলাত সাতটা পৰিষদীয় সমষ্টিৰ বাবে আজি পুৱা ৮ বজাৰ পৰা ভোটগণনা অনুষ্ঠিত হৈছে। ইয়াৰ বাবে উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ত ৩৮খন টেবুল আৰু বিজনী মহকুমাৰ ভোটগণনাৰ বাবে ৫৪খন টেবুল সাজু কৰা হয়। জিলাখনৰ সাতটা পৰিষদীয় সমষ্টিত ৫৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে
বাক্সা জিলাৰ সদৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱাৰে পৰা ভোটগণনা অনুষ্ঠিত হৈছে। এই ভোটগণনাৰ জৰিয়তে ৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব। মুঠ ১৪খন টেবুলত ভোটগণনা কৰা হৈছে।
তামুলপুৰ জিলাৰ পাঁচটা পৰিষদীয় সমষ্টিত আজি ৪১গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। প্রায় সাতটা ৰাউণ্ডত ভোটগণনা কৰা হ’ব বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এইবাৰ বিটিআৰত বিজেপিয়ে পূৰ্বৰ তুলনাত ভাল ফলাফল দেখুৱাব। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দলটোৱে আশা কৰা ধৰণে বিটিচি নিৰ্বাচনত ফলাফল লাভ নকৰিব বুলিও তেওঁ কয়। জনতাৰ শিল্পীগৰাকীৰ মৃত্যুৰ বাবে বিজেপিয়ে নিৰ্বাচনৰ অন্তিম সময়ছোৱাত ভালকৈ প্ৰচাৰ চলাব নোৱাৰিলে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।