বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে শাসক- বিৰোধী সকলো দলেই নিজৰ দলীয় ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি আহিছে। আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ওৰাং আৰু ওদালগুৰিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। বিটিচি পৰিষদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ লক্ষ্যৰে ড০ শৰ্মাই ওদালগুৰি জিলাৰ সদৰত আৰু ওৰাং চাহ বাগিচাত দুখনকৈ সভাত অংশগ্ৰহণ কৰি দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। এইবাৰৰ নিৰ্বাচন বিটিআৰৰ ৰাইজৰ বাবে সমস্যাবিহীন, বিকশিত আৰু প্ৰগতিশীল বিটিআৰ গঢ়িবলৈ এটা সুবর্ণ সুযোগ বুলি বিজেপি জ্যেষ্ঠ নেতাগৰাকীয়ে মন্তব্য কৰে। ৰৌতা, পাঁচনৈ চেৰফাং, ধনশিৰি আৰু ভৈৰৱকুণ্ড সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি ড০ শৰ্মাই এই মাহৰ তৃতীয় সপ্তাহত পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব বুলি আৰু ছেপ্তেম্বৰ মাহৰ দুৰ্গা পূজাৰ আগে আগে নির্বাচন অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে।
কালি বিজনীত বিজনী জিলা বিপিএফৰ উদ্যোগত আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে উলিওৱা সমদলত বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত সুবাইঝাৰ, মানস চেৰফাং আৰু থুৰিবাৰী ব্লক বি পি এফৰ কেইবাহাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰে।
একেদৰে কংগ্ৰেছ দলেও বিটিচিৰ পৰিষদীয় নির্বাচনে সামৰি লোৱা জিলাসমূহত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বাক্সা জিলাত কালি শালবাৰী পৰিষদীয় সমষ্টিৰ ছলিকান্দাত বিটিচি পৰিষদীয় নির্বাচন প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে৷
Site Admin | August 18, 2025 9:30 PM | Akashvani Guwahati | BTC election | Political News
বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত
