বিটিচি নিৰ্বাচনৰ ভোটগ্রহণলৈ মাজত এসপ্তাহ বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কালি পৰ্বতঝৰা পৰিষদীয় সমষ্টিত দলীয় প্রার্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি চিৰাং জিলাৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী অজয় কুমাৰ দাসৰ সমৰ্থনত ১ নম্বৰ ফাগুনাগাঁও আৰু শিয়ালমাৰী গাঁৱত নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ মুৰববী প্রমোদ বড়োৱে ওদালগুৰি জিলাৰ ধনশ্ৰী পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিপিএফৰ হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ বড়ো বজাৰত ককলাবাৰী সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
নিৰ্বাচনৰ পূৰ্বে চিৰাং জিলাৰ বাসুগাঁৱত দুই শতাধিক যুৱক-যুৱতীয়ে বিজেপিত যোগদান কৰে। চিৰাং জিলাৰ বিজনীত কালি ভালেসংখ্যক যুৱক-যুৱতীয়ে বিপিএফত যোগদান কৰে।
ইপিনে বিটিআৰৰ আটাইকেইখন জিলাৰ প্ৰশাসনে নির্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। তামুলপুৰ জিলাৰ বৰনগৰৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কালি বিষয়া-কৰ্মচাৰীসকলৰ প্রশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে নিৰ্বাচনত প্ৰয়োজন সামগ্ৰীসমূহ বিষয়াসকলক কিদৰে প্ৰদান কৰিব লাগে সেই বিষয়ে বিতংকৈ ব্যাখ্যা কৰে। তদুপৰি বেলট বক্সৰ ব্যৱহাৰ সন্দৰ্ভতো প্রশিক্ষণ দিয়া হয়। জিলা নির্বাচনী বিষয়াগৰাকীয়ে তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্থাপন কৰা স্ট্রংৰুম পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ বুজ লয়।
Site Admin | September 14, 2025 11:55 AM | btr election
বিটিচি নিৰ্বাচন উপলক্ষে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ
