বিটিআৰৰ ৪০টা সমষ্টিত অহা ২২ ছেপ্তেম্বৰত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তোলাৰ লগতে জিলা প্ৰশাসনসমূহে যাৱতীয় প্রস্তুতি অব্যাহত ৰাখিছে।
তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত বি টি চি নিৰ্বাচনৰ ব্যয় সন্দৰ্ভত আজি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নির্বাচনী পর্যবেক্ষকদ্বয় – অতুল কুমাৰ শৰ্মা, ক্ষিতিশ চন্দ্ৰ পেগু আৰু অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰে নিৰ্বাচনী ব্যয় সম্পৰ্কীয় নীতি-নিয়মসমূহ ব্যাখ্যা কৰে। এই বৈঠকত জিলাখনৰ পাঁচটা পৰিষদীয় সমষ্টি দৰঙাজুলি, নাগ্ৰীজুলি, গয়বাৰী, শুক্লাই চেৰফাং আৰু গোৰেশ্বৰৰ প্ৰতিনিধি আৰু গাণনিকসকল উপস্থিত থাকে। জিলাখনৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। বিপিএফ দলে আজি কোকৰাঝাৰত কেন্দ্ৰীয় নির্বাচনী সমিতিৰ কাৰ্যালয় মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দলৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। আসন্ন বি টি চি নিৰ্বাচনৰ বাবে ওদালগুৰি জিলাত ২০ ছেপ্তেম্বৰৰ পুৱা ৪ বজাৰ পৰা ২২ ছেপ্তেম্বৰ বিয়লি ৪ বজালৈ আৰু ২৬ ছেপ্তেম্বৰৰ ভোট গণনাৰ দিনটোত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত কোনো ব্যক্তি বা দলে মাদক দ্রব্য মজুত কৰা, বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ কৰা হৈছে।
চিৰাং জিলাৰ সাতটা পৰিষদীয় সমষ্টিত ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাইছে। জিলাখনৰ ৭টা সমষ্টিৰ ভিতৰত তিনিটাত বিজেপিয়ে প্রার্থিত্ব দিছে। অহা ১২ ছেপ্তেম্বৰত মানস-চেৰাং সমষ্টিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ সমর্থনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱাৰ কথা।
ৰাজ্যিক নির্বাচন আয়োগে বি টি চি নিৰ্বাচনৰ বাবে ওজৰ-আপত্তি নিষ্পত্তি প’ৰ্টেল মুকলি কৰিছে। জনসাধাৰণে আদর্শ নির্বাচনী আচৰণ বিধি উলংঘাৰ বিষয়ে ফটো অথবা ভিডিঅ’ প্রমাণসহ এই প’ৰ্টেলযোগে অৱগত কৰিব পাৰিব আৰু অভিযোগৰ স্থিতি সন্দৰ্ভত জানিব পাৰিব।
Site Admin | September 10, 2025 8:32 PM | btc election update
বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ
