ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা, সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। মন্ত্রী তথা জেষ্ঠ্য বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসে আজি বাক্সা জিলাৰ ভোটেপোৱাবৰীৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ এখন বৈঠকত অংশ লয়। বিজেপি প্ৰাৰ্থী ৰমেন মদাহীৰ হৈ প্ৰচাৰ চলাই তেওঁ গোট সমিতিৰ কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰী তথা জেষ্ঠ্য বিজেপি নেতা পীয়ুষ হাজৰিকাই ওডালগুৰি জিলাত বিটিআৰ নিৰ্বাচনৰ এখন প্ৰস্তুতিমূলক সভাত অংশ লয়। এই কাৰ্যসূচীত ওডালগুৰি জিলাৰ বিজেপিৰ এটা অস্থায়ী কাৰ্য্যালয় মুকলি কৰা হয়। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ নেতা প্রমোদ বড়োৱে গইবাৰী সমষ্টিত প্ৰচাৰ চলায়।