ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিটিচি নিৰ্বাচনৰ বাবে ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা

অসমত অহা ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে। ৪০টা সমষ্টিৰ বাবে মুঠ ৩৮৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছিল। বাক্সা জিলাৰ মুঠ ৬৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। কোকৰাঝাৰ জিলাত ১৩২ গৰাকী আৰু তামুলপুৰ জিলাত মুঠ ৫০গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হয়। চিৰাং জিলাত ৬৩গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। জিলাখনৰ এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হয়। ওদালগুৰি জিলাত মুঠ ৭৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হয়। উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন । অসম চৰকাৰে বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ অন্তৰ্গত পাঁচখন জিলা- কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওডালগুৰি জিলাত অহা ২২ ছেপ্তেম্বৰৰ দিনটো নেগচিয়েবল ইনস্ট্রুমেণ্টচ এক্টৰ অধীনত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে।