ডাউনলোড
মোবাইল এপ

android apple
signal

September 13, 2025 8:14 PM | btc election update

printer

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত বিজেপি প্রার্থীৰ হৈ বহুকেইখন সভাত অংশগ্রহণ কৰাৰ লগতে ইউ পি পি এলৰ প্ৰাৰ্থীৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ প্ৰাৰ্থীৰ হৈ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন স্থানত সভাত অংশ লৈ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাই আহিছে।
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি পৰ্বতঝৰা পৰিষদীয় সমষ্টিত দলীয় প্রার্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি চিৰাং জিলাৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী অজয় কুমাৰ দাসৰ সমৰ্থনত ১ নম্বৰ ফাগুনাগাঁও আৰু শিয়ালমাৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ মুৰববী প্রমোদ বড়োৱে ওদালগুৰি জিলাৰ ধনশ্ৰী পৰিষদীয় সমষ্টিত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিপিএফৰ হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ বড়োবজাৰত ককলাবাৰী সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
নিৰ্বাচনৰ পূৰ্বে চিৰাং জিলাৰ বাসুগাঁৱত দুই শতাধিক যুৱক-যুৱতীয়ে বিজেপিত যোগদান কৰে । বি টি চি নির্বাচন সুচাৰুৰূপে পৰিচালিত কৰাৰ লক্ষ্যৰে আজি ওদালগুৰি জিলাত এটি প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। ওদালগুৰি মহাবিদ্যালয়ত আয়োজিত এই প্ৰশিক্ষণত জিলাখনৰ নিৰ্বাচনী বিষয়া পুলক পাটগিৰিয়ে নির্বাচনী প্ৰক্ৰিয়াৰ নিয়মাৱলী ব্যাখ্যা কৰি বিষয়াসকলক নির্বাচনী প্রক্রিয়া সফল কৰি তুলিবলৈ আহ্বান জনায়।