ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই দলীয় প্ৰাৰ্থীসকলক পৰিষদীয় নিৰ্বাচনত জয়ী কৰোৱাৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে। একেদৰে ইউ পি পি এলৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ হৈ হাগ্ৰামা মহিলাৰীয়েও বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাই আহিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বি টি চি নিৰ্বাচনত বিজেপিক শক্তিশালীৰূপত অৱতীৰ্ণ কৰাবলৈ কালি দিহিৰা, ককলাবাৰী আৰু শালবাৰী পৰিষদীয় সমষ্টিৰ বাবে দুখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। এই সভাত জনসাধাৰণক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বি টি আৰৰ উন্নয়নৰ বাবে তিনিটা ইঞ্জিনৰ চৰকাৰৰ প্ৰয়োজন। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বি টি চি, এই তিনিটা ইঞ্জিন লগ লাগিলেহে বি টি চিৰ উন্নয়ন হ’ব পাৰে বুলি ড০ শৰ্মাই উল্লেখ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অসমত আমাক ডাবল ইঞ্জিন লাগে। কিন্তু বি টি চিত তিনিটা ইঞ্জিন লাগে। দিল্লী, দিছপুৰ আৰু কোকৰাঝাৰ ইঞ্জিন একত্ৰিত কৰাৰ বাবে তেওঁ সকলোকে বিজেপিক ভোট দি দলটোক শক্তিশালী কৰিবলৈ আহ্বান জনায়। বড়োলেণ্ডত ভি চি ডি চি চৰকাৰ আৰু নচলে বুলি মন্তব্য কৰি এনে ব্যৱস্থাৰ পৰিৱৰ্তন কেৱল বিজেপিহে কৰিব পাৰিব বুলি তেওঁ কয়। ইপিনে বড়ো ভূমিত এটা বিশেষ সম্প্ৰদায়ৰ ভোট বৃদ্ধি পাইছে বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণত কয়। প্রমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত কোনো প্রার্থী নিদিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।

ইপিনে মুখ্যমন্ত্ৰীয়ে কালি বাক্সা জিলাৰ ভলুকামুৰীত এখন পকী দলং উদ্বোধন কৰে। ডেকাদং নৈৰ ওপৰত নিৰ্মাণ কৰা ভলুকামুৰী আৰু জৰাবাৰী সংযোগী এই নৱনিৰ্মিত দলংখনে জিলাখনৰ যাতায়াত ব্যৱস্থা উন্নয়নৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। দলং উদ্বোধনী কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম আৰু পাৰিষদ মণ্টু বৰুৱাই সংগ দিয়ে। একেদৰে ওদালগুৰি জিলাৰ ভেৰগাঁৱত কালি বি পি এফ দলৰ আশীৰ্বাদ যাত্ৰাত দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰে। এই সমদলত অংশগ্ৰহণ কৰি তেওঁ কয়, যে আঞ্চলিক দলসমূহে একেলগে বিটিচি চৰকাৰ গঠন কৰিব লাগে। এতিয়া বিজেপিৰ লগত ইউ পি পি এলৰ সম্পৰ্ক বেয়া হোৱাৰ বাবে বি পি এফক প্রয়োজন হৈছে বুলি বি পি এফ প্রধান শ্ৰী মহিলাৰীয়ে বিজেপিক কতাক্ষ কৰে। দলীয় সমর্থকক উদ্দেশ্যি তেওঁ আৰু কয় যে এবছু এটা মাত্ৰ ছাত্ৰ সংগঠনহে আৰু বি পি এফৰ নিচিনা ৰাজনৈতিক দল এটাৰ দিক্ নিৰ্ণয় কৰাৰ অধিকাৰ এবছুৰ নাই।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।