বিটিচি নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। বৰ্তমানলৈকে নিৰ্বাচনৰ বাবে ৪০টা সমষ্টিৰ ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ হিচাপে বিবেচিত হৈছে।
ৰাজ্য চৰকাৰে বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ অন্তৰ্গত পাঁচখন জিলা- কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওডালগুৰি জিলাত অহা ২২ ছেপ্তেম্বৰৰ দিনটো নেগচিয়েবল ইনস্ট্রুমেণ্টচ এক্টৰ অধীনত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে।
ইপিনে এই নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা, সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসে কালি বাক্সা জিলাৰ ভোটেপোৱাবৰীৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ এখন বৈঠকত অংশ লয়। বিজেপি প্ৰাৰ্থী ৰমেন মদাহীৰ হৈ প্ৰচাৰ চলাই তেওঁ গোট সমিতিৰ কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰী তথা জেষ্ঠ্য বিজেপি নেতা পীযূষ হাজৰিকাই ওডালগুৰি জিলাত বিটিআৰ নিৰ্বাচনৰ এখন প্ৰস্তুতিমূলক সভাত অংশ লয়। এই কার্যসূচীত ওডালগুৰি জিলাৰ বিজেপিৰ এটা অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ নেতা প্রমোদ বড়োৱে কালি গয়বাৰী সমষ্টিত প্ৰচাৰ চলায়।
বিটিচি নিৰ্বাচনত বিজেপিয়ে ৩০ খন আসন জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰিছে। এইবাৰ বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত ৩০টা সমষ্টিত প্রার্থী দিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে এই নিৰ্বাচনত দলটোৱে চৰকাৰ গঠনৰ লক্ষ্যৰে আগবাঢ়িছে।
Site Admin | September 6, 2025 1:39 PM | BTC election
বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন
