বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বগয়াৰী আৰু কাৰ্যবাহী সদস্য চাইখং বসুমতাৰীয়ে ইউ পি পি এল দলৰ হৈ মনোনয়ন পত্র দাখিল কৰে। প্ৰাৰ্থীকেইগৰাকীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই ইউ পি পি এল দলে পৰিষদ গঠনৰ বাবে সাজু হৈ আছে বুলি মত প্ৰকাশ কৰি মনোনয়ন পত্র দাখিল কৰা প্ৰাৰ্থীসকলৰ জয় নিশ্চিত বুলিও দাবী কৰে। চিৰাঙত বি পি এফৰ জ্যেষ্ঠ নেতা আৰু সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ ৭টা পৰিষদীয় সমষ্টিত আজি ১৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। থুৰিবাৰী সমষ্টিত চি পি আই এমৰ শুভংকৰ ঘোষ, ইউ পি পি এলৰ মহম্মদ ৰঞ্জু আহমেদ, অগপৰ পাৰ্থজিৎ ৰয়ৰ লগতে এগৰাকী নির্দলীয় প্রার্থী জিয়াউল হক আলীয়ে আজি মনোনয়ন পত্র জমা দিয়ে।
বাক্সা জিলাত নিৰ্দলীয় প্রার্থী মনমোহন মদাহীয়ে ককলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন পত্র দাখিল কৰে । ইফালে, দিহিৰা পৰিষদীয় সমষ্টিত গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ঘনশ্যাম দাসে বাক্সা জিলাৰ আয়ুক্তৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ মুছলপুৰ পৰিষদীয় সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী আৰু বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই মনোনয়ন পত্ৰ দাখিল কৰে। তামুলপুৰতো ইউ পি পি এল, বি পি এফ, এ পি বি আৰু কংগ্ৰেছৰ বহুকেইজন প্রার্থীয়ে আজি মনোনয়ন পত্র দাখিল কৰে। ইয়াৰ লগতে বহুকেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েও মনোনয়ন পত্ৰ দাখিল কৰাৰ বাতৰি আমাৰ সংবাদদাতাই জনাইছে। গয়বাৰী সমষ্টিত ইউ পি পি এলৰ হৈ প্রমোদ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰে। তামুলপুৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিলৰ পাছত বি টি আৰৰ প্রধানগৰাকীয়ে বি টি আৰ অঞ্চলৰ ৩৫ লাখ জনসাধাৰণৰ আশীৰ্বাদ লৈ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি দাবী কৰে। পৰিষদীয় নিৰ্বাচনত দলটোৰ উন্নত ফলাফল নিশ্চিত বুলি দাবী কৰি শ্ৰীবড়োৱে বিগত পাঁচ বছৰত ইউ পি পি এলে ৰাইজৰ সমস্যা বহু পৰিমাণে সমাধান কৰিছে বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে। বি পি এফ দলৰ প্ৰাৰ্থী জিতেন মুছাহাৰী আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰুমি সিং মুছাহাৰীয়েও আজি সমষ্টিটোত মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে নাগ্ৰীজুলি সমষ্টিত ইউ পি পি এলৰ ৰবীন্দ্ৰ বালা বিশ্বাসে মনোনয়ন পত্র জমা দিয়ে। দৰঙাজুলি সমষ্টিত বি পি এফ আৰু ইউ পি পি এলৰ দুগৰাকী শীৰ্ষ নেতা ইমানুৱেল মুছাহাৰী আৰু জলেন দৈমাৰীয়ে মনোনয়ন পত্র জমা দিয়ে। সমষ্টিটোত এ পি বি দলৰ মনোজ গয়াৰীয়েও মনোনয়ন পত্র দাখিল কৰিছে। একেদৰে চেৰফাং, গোৰেশ্বৰ আদি সমষ্টিসমূহতো ভালেকেইজন বিজেপি, ইউ পি পি এল, বি পি এফ প্রার্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। নাগ্ৰীজুলি আৰু চেফাং সমষ্টিত কাইলৈ বিজেপি প্রার্থী ভজন দাস আৰু ৰনেন্দ্ৰ নাৰ্জাৰীয়ে মনোনয়ন পত্র দাখিল কৰিব বুলি আমাৰ তামুলপুৰৰ সংবাদদাতাই জানিবলৈ দিছে।
ওদালগুৰি জিলাত ইউ পি পি এলৰ ৯গৰাকী আৰু বি পি এফৰ ৮গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্র দাখিল কৰে। জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ইউ পি পি এল দলৰ নেতা ৰণগৌৰা নাৰ্জাৰী আৰু বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰী উপস্থিত থাকে। ভৈৰৱকুণ্ড সমষ্টিত ইউ পি পি এলৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু বি পি এফৰ ৰিহণ দৈমাৰী, ৰৌতা সমষ্টিত বি পি এফৰ চৰণ বড়ো আৰু ইউ পি পি এলৰ ড০ নিলুৎ স্বৰ্গীয়াৰী, খৈৰাবাৰী সমষ্টিত বি পি এফৰ লৌমশাও দৈমাৰী আৰু মুদৈবাৰীত বি পি এফৰ জগদীশ সৰকাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে ।
বাক্সাতো শালবাৰী আৰু মথনগুৰি পৰিষদীয় সমষ্টিত বি পি এফৰ দুগৰাকী, কংগ্ৰেছৰ এগৰাকী আৰু চি পি আই এমৰ এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী বুদ্ধদেৱ ফাদাংগিৰিয়ে শালবাৰীত আৰু চি পি এমৰ সত্যজিৎ দাসে মথনগুৰিত মনোনয়ন পত্র দাখিল কৰিছে ।
কোকৰাঝাৰত বি পি এফৰ জ্যেষ্ঠ নেতা ৰবিৰাম নাৰ্জাৰীয়ে আজি মনোনয়ন পত্র জমা দিয়ে।
বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাইজৰ দলে আজি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে।
Site Admin | September 1, 2025 7:41 PM | BTC election
বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
