সমাগত বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰাৰ লগতে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ইউ পি পি এল দলে আজি ১৬টা পৰিষদীয় সমষ্টিৰ বাবে দ্বিতীয়খন প্রার্থীৰ তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন তালিকাত প্ৰকাশ কৰা ১৮ জন প্রার্থীকে ধৰি বৰ্তমানলৈকে মুঠ ৩৬ জন প্রার্থীৰ নাম ঘোষণা কৰিছে। বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিত মাখন স্বৰ্গীয়াৰী ইউ পি পি এলৰ প্রার্থিত্ব প্ৰদানৰ পাছতে সমষ্টিটোত আনন্দৰ জোৱাৰ উঠিছে। বৰতলাত আজি দলীয় কর্মী তথা ইউ পি পি এল সমর্থিত ৰাইজে তেওঁক আদৰণি জনায়। ইপিনে বাক্সাৰ শালবাৰী পৰিষদীয় সমষ্টিত দিগন্ত গয়াৰীয়ে বিপিএফৰ প্রার্থিত্ব লাভৰ পাছতে তেওঁ জয়ী হোৱাতো নিশ্চিত বুলি মন্তব্য কৰিছে। বিপিএফ দলে কালি এই নিৰ্বাচনৰ বাবে ১০ জনীয়া দ্বিতীয়খন প্রার্থী তালিকা প্ৰকাশ কৰে। অসম গণ পৰিষদ দলেও আজি বিটিআৰ নিৰ্বাচনৰ ৪টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰে।
কংগ্ৰেছ দলে কালি ৩১টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। দলটোৱে চিৰাং জিলাৰ সাতটা পৰিষদীয় সমষ্টিৰ ভিতৰত ৪টাত প্ৰাৰ্থী দিছে।
Site Admin | August 31, 2025 9:44 PM | Akashvani News | BPF | BTC election | Hagrama | Political
বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীৰ তালিকা প্রকাশৰ লগতে প্ৰচাৰ অভিযান তীব্ৰতৰ
